Show/Hide Keyboard Layout

মানুহে মানুহৰ বাবে

- ভূপেন হাজৰিকা

মানুহে মানুহৰ বাবে

যদিহে অকনো নেভাবে

অকনি সহানুভূতিৰে

ভাবিব কোনেনো কোৱা,

সমনীয়া ?

 

মানুহে মানুহক বেচিব খুজি

মানুহে মানুহক কিনিব খুজি

পূৰণি ইতিহাস দোহাৰিলে

ভুল জানো নহʼব কোৱা,

সমনীয়া ?

 

দুৰ্বল মানুহে যদি

জীৱনৰ কোবাল নদী

পাৰ হয় তোমাৰে সাহত

তুমি হেৰুৱাবানো কি ?

মানুহ যদিহে নহয় মানুহ

দানৱ কাহানিও নহয় মানুহ

যদি দানৱ কাহানিবা হয় মানুহ

লাজ পাব কোনেনো কোৱা,

সমনীয়া ?

Hits: 1182